সন্ত ৰামপাল গুৰু মহাৰাজৰ জন্ম হৈছিল ১৯৫১ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে হাৰিয়ানা ৰ সোনীপত জিলাত, ধনানা গাওঁৰ এটা কৃষকৰ পৰিয়ালত । পঢ়া শেষ কৰাৰ পিছত, তেওঁ হাৰিয়ানা প্ৰদেশৰ জলসিঞ্চন বিভাগত কনিষ্ঠ অভিযন্তা হিচাপে প্ৰায় ১৮ বছৰ কাম কৰিছিল। ১৯৮৮ চনত পৰম সন্ত ৰামদেৱানন্দ মহাৰাজ ৰ পৰা দীক্ষা লাভ কৰি নিজৰ শৰীৰ আৰু মনৰ সৈতে সক্ৰিয় হৈ পৰে আৰু স্বামী ৰামদেৱানন্দ মহাৰাজে দিয়া ভক্তি মাৰ্গৰ আধ্যাত্মিক জ্ঞানৰ সাধনা কৰি পৰমাত্মাক সাক্ষাত কৰে।
সন্ত ৰামপাল গুৰু মহাৰাজে ১৯৮৮ চনৰ ১৭ ফেব্ৰুৱাৰীৰ ফাল্গুন মাহৰ অমাৱস্যাৰ ৰাতি নাম দীক্ষা প্ৰাপ্ত কৰে। সেই সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ বয়স আছিল ৩৭ বছৰ । উপদেশ দিৱস অৰ্থাৎ দীক্ষা দিৱস ক সন্তমত প্ৰচাৰক ভক্তৰ আধ্যাত্মিক জন্ম দিৱস বুলি গণ্য কৰা হয়।
ওপৰোক্ত বিবৃতিটো নষ্ট্ৰাডামসৰ ভৱিষ্যত বাণী ৰ লগত সম্পূৰ্ণ মিল আছে আৰু যিটো লিখিত ৰূপে প্ৰমাণ আছে পৃষ্ঠা সংখ্যা *৪৪,৪৫ ত । “যিটো সময়ত সেই তত্ত্ব দৰ্শী শায়ৰণৰ আধ্যাত্মিক জ্ঞান জন্ম হ’ব, সেই দিনা হ’ব অন্ধকাৰ অমবস্যা। সেই সময়ত, সেই বিশ্ব নেতাজনৰ বয়স ১৬,২০,২৫ বছৰ নহ’ব, তেওঁ তৰুণ নহ’ব, কিন্তু তেওঁ প্ৰাপ্তবয়স্ক হ’ব আৰু তেওঁ ৫০ ৰ পৰা ৬০ বছৰ বয়সত পৃথিৱীত বিখ্যাত হৈ পৰিব। আৰু এইটো হ’ব *২০০৬ চন । “
১৯৯৩ চনত , স্বামী ৰামদেৱানন্দ গুৰু মহাৰাজে তেখেতক সৎসঙ্গ কৰাৰ বাবে আদেশ দিছিল আৰু ১৯৯৪ চনত তেওঁক নামদান কেন্দ্ৰ কৰিবলৈ ও আদেশ দিছিল। ভক্তিৰ মাৰ্গত লীন হোৱাৰ কাৰণে তেওঁ, জে.ই. ( Junior Engineer) অৰ্থাৎ জুনিয়ৰ ইঞ্জিনীয়াৰ পদটো ১৬/৫/২০০০ তাৰিখৰ ৩৪৯২.৩৫০০ নম্বৰৰ পত্ৰৰ অধীনত ১৬/৫/২০০০ তাৰিখে হাৰিয়ানা চৰকাৰৰ সহায়ত পদৰ পৰা পদত্যাগ কৰিছিল। সন্ত ৰামপাল গুৰু মহাৰাজে ১৯৯৪ চনৰ পৰা ১৯৯৮ চন লৈকে ঘৰে ঘৰে, গাওঁৰ পৰা গাওঁলৈ, চহৰৰ পৰা চহৰলৈ গৈ গৈ সৎসঙ্গ কৰিছিল। তাত অনুৰাগী ৰ সংখ্যা ও আছিল বহুতো। সেই একে সময়তে জ্ঞানহীন সন্ত সকলৰ বিৰোধিতাও বাঢ়ি গৈছিল। ১৯৯৯ চনত তেওঁ কৰোঁন্থা জিলা ৰোহতক (হাৰিয়ানা) গাঁৱত সত্ লোক আশ্ৰম কৰোঁন্থা স্থাপন কৰে আৰু ১৯৯৯ চনৰ ১ জুনৰ পৰা ৭ জুনলৈ পৰমেশ্বৰ কবীৰদেৱৰ প্ৰকট দিৱসৰ ওপৰত সাত দিনীয়া বিশাল সৎসঙ্গ আয়োজন কৰি আশ্ৰম আৰম্ভ কৰে আৰু মাহৰ প্ৰতিটো পূৰ্ণিমাত তিনিদিনীয়া সৎসঙ্গ আৰম্ভ কৰে । দূৰ দূৰণিৰ পৰা শ্ৰদ্ধাৱানসকলে সৎসঙ্গ শুনিবলৈ আহে আৰু তত্ব জ্ঞানক বুজাৰ বাবে অনুৰাগীৰ সংখ্যা বহু বাঢ়িবলৈ ধৰিলে। কেইদিনমানৰ ভিতৰতে সন্ত ৰামপাল গুৰু মহাৰাজৰ অনুৰাগীৰ সংখ্যা লাখ লাখত উপনীত হয় গৈ। তেতিয়া যিসকল জ্ঞান হীন সন্ত আৰু ঋষিসকলৰ অনুৰাগী সকল আছিল তেওঁলোক সন্ত ৰামপাল গুৰুৰ ওচৰলৈ আহি তেওঁৰ অনুৰাগী হ’বলৈ আৰম্ভ কৰিছিল, তাৰ পিছত সেই অজ্ঞানী আচাৰ্য আৰু সন্ত সকলে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল যে – কি আপুনি সকলো জ্ঞান নিজৰ সদ্ গ্ৰন্থৰ বিপৰীতে কৈ আছে ।
যজুৰ্বেদ অধ্যায় ৮ মন্ত্ৰ 13-ত লিখা আছে যে- পূৰ্ণ পৰমাত্মাই তেওঁৰ ভক্তসকলৰ সকলো অপৰাধ (পাপ), নাশ (ক্ষমা) কৰি দিয়ে। কিন্তু আমি ক্ৰয় কৰা আপোনাৰ কিতাপখনত লিখা আছে যে “পৰমাত্মাই তেওঁৰ ভক্তসকলৰ পাপ ক্ষমা অৰ্থাৎ নাশ নকৰে ।” আপোনাৰ সতয়াৰ্থ প্ৰকাশ সামুলাছ ৭ ত লিখা আছে যে:- “মানুহ আৰু অন্যান্য প্ৰাণী পৃথিৱীৰ দৰে সূৰ্যত বাস কৰে। একেদৰে, পৃথিৱীৰ দৰে সকলো বস্তু আছে। বাগিচা, নদী, জলপ্ৰপাত আদি, এয়া সম্ভৱ নেকি”? পবিত্ৰ যজুৰবেদ, অধ্যায়-৫, মন্ত্ৰ-১ ত উল্লেখ আছে যে – পৰমাত্মা সশৰীৰ।
অগ্নে তনুঃ অসি। বিষ্ণবৈ ত্বাং সৌমস্য তনুৰ্ অসি।।
এই মন্ত্ৰটোৱে দুবাৰ প্ৰমাণ কৰে যে পৰমাত্মা সশৰীৰে আছে অৰ্থাৎ সাকাৰ। সেই অমৰ পুৰুষ পৰমাত্মাৰ শৰীৰ সকলোকে পালন কৰোঁতা ঈশ্বৰৰ শৰীৰ, অৰ্থাৎ যেতিয়া পৰমাত্মা ই নিজৰ ভক্তসকলক তত্ব জ্ঞান বুজাবলৈ কিছু সময়ৰ বাবে অতিথি হিচাপে এই সংসাৰলৈ আহে, তেতিয়া তেওঁ তেওঁৰ নিজৰ বাস্তৱিক তেজোময় অৰ্থাৎ প্ৰকৃত উজ্জ্বল শৰীৰত তেজপুঞ্জ অৰ্থাৎ পোহৰৰ শৰীৰ লৈ আহে। সেয়েহে, ওপৰোক্ত মন্ত্ৰটোৱে দুবাৰ প্ৰমাণ দিছে। এনে ধৰণৰ যুক্তি তৰ্কৰ পৰা সেই অজ্ঞানী সন্ত, মহন্ত তথা আচাৰ্য সকল উত্তৰ বিহীন হৈ তেওঁলোকৰ অজ্ঞনতা খুল খোৱাৰ ভয়ত সত্ লোক আশ্ৰম কৰোন্থাৰ চাৰিওফালৰ গাওঁবোৰত সন্ত ৰামপাল গুৰু মহাৰাজক বদনাম কৰিবলৈ অপপ্ৰচাৰ চলাইছিল আৰু ১২/০৭/২০০৬ তাৰিখে সন্ত ৰামপাল গুৰু মহাৰাজক হত্যা কৰিবলৈ আৰু আশ্ৰম ধ্বংস কৰিবলৈ সত্ লোক আশ্ৰমত নিজে আৰু নিজৰ অনুৰাগী সকলৰ হতুৱাই আক্ৰমণ কৰোৱাইছিল। আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত কিছুমান দুৰ্বৃত্ত আহত হৈছিল। চৰকাৰে সৎলোক আশ্ৰমৰ দায়িত্ব গ্ৰহণ কৰে আৰু মিছা গোচৰ দি সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ কিছু অনুৰাগীক কাৰাগাৰত ৰাখে। এনেদৰে সন্ত ৰামপাল গুৰু মহাৰাজ ২০০৬ চনত বিখ্যাত হৈ পৰিছিল। অচিনাকি লোকে মিছা অভিযোগ কৰি সন্ত জনক বিখ্যাত কৰি তুলিছিল, কিন্তু সন্তজন সম্পূৰ্ণ নিৰ্দোষী আছিল। প্ৰিয় পাঠকসকলে (নষ্ট্ৰাডামস)ৰ ভৱিষ্যতবাণী পঢ়িব আৰু ভাৱিব যে, সন্ত ৰামপাল গুৰু মহাৰাজক ইমানেই কলংকিত কৰা হৈছে, বিশ্বলৈ জ্ঞান প্ৰচাৰ কৰাটো কেনেকৈ সম্ভৱ হ’ব। মই তেওঁক প্ৰাৰ্থনা কৰোঁ যে, পৰমাত্মাই মুহূৰ্ততে পৰিস্থিতি সলনি কৰিব দিব পাৰে।
কবীৰ, সাহেব সে সব হৈত হে, বন্দে সে কছূ নাঁহি।
ৰাঈ সে পৰ্বত কৰে, পৰ্বত সে ফিৰ ৰাঈ।।
পৰমেশ্বৰ কবীৰ দেৱে নিজৰ সন্তান উদ্ধাৰৰ কাৰণে অতিশীঘ্ৰেই সমাজক তত্ব জ্ঞানৰ দ্বাৰা বাস্তৱিকতাৰ লগত পৰিচিত কৰাই দিব, তাৰ পিছত সমগ্ৰ বিশ্বই সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানক গ্ৰহণ কৰিব।
সন্ত ৰামপাল গুৰু মহাৰাজে ২০০৩ চনৰ পৰা বাতৰি কাকত আৰু টিভি চেনেলৰ মাধ্যমৰ জৰিয়তে সত্য জ্ঞান প্ৰচাৰ কৰি আহিছে আৰু আন ধৰ্মীয় গুৰু সকলক কৈছে যে, আপোনাৰ জ্ঞান শাস্ত্ৰৰ বিৰোধী, অৰ্থাৎ, আপোনালোকে ভক্তসকলক শাস্ত্ৰ অবিহনে পূজা কৰোৱাইছে আৰু দোষী বনাইছে। যদি মই ভূল কৈছো, তেন্তে ইয়াৰ উত্তৰ দিয়ক, কিন্তু আজিলৈকে কোনো সন্ত ই এই উত্তৰ দিবলৈ সাহস কৰা নাই।
সন্ত ৰামপাল গুৰু মহাৰাজৰ ইং. ২০০১ চনৰ অক্টোবৰ মাহৰ প্ৰথম বৃহস্পতিবাৰে হঠাতে অনুপ্ৰেৰণা হৈছিল যে “সকলো ধৰ্মশাস্ত্ৰ সদ্ গ্ৰন্থ গভীৰভাৱে অধ্যয়ন কৰা”। সেই আধাৰতে তেওঁ সৰ্বপ্ৰথমে অধ্যয়ন কৰিছিল পৱিত্ৰ শ্ৰীমদ ভাগৱত গীতা আৰু ‘গহৰী নজৰ গীতা মে’ পুথিখন লিখি উলিয়াইছিল।সেই ভিত্তিতে তেওঁ প্ৰথমবাৰৰ বাবে ২০০২ চনৰ মাৰ্চ মাহত ৰাজস্থান প্ৰদেশৰ যোধপুৰ চহৰত সৎসঙ্গ আৰম্ভ কৰিছিল। সেইকাৰণে নষ্ট্ৰাডামসে কৈছে যে – বিশ্বধৰ্মী হিন্দু সন্ত (শায়ৰণ) পঞ্চাশ বছৰ বয়সত অৰ্থাৎ ২০০১ চনত প্ৰচাৰ হ’ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ জন্ম ১৯৫১ চনৰ ৮ ছেপ্টেম্বৰত হাৰিয়ানা প্ৰদেশ (ভাৰত)ৰ ধানানা জিলা সোনিপত গাঁৱত এটা কৃষকৰ পৰিয়ালত হৈছিল। নষ্ট্ৰাডামসৰ ভৱিষ্যত বাণীৰ মতে, 2001 চনত, সন্ত ৰামপাল গুৰু মহাৰাজৰ বয়স হয় পঞ্চাশ বছৰ। সেয়েহে, বিশ্বৰ ধৰ্মীয় গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰচাৰ কৰা জ্ঞান সমগ্ৰ ভাৰতে বিশ্বাস কৰিব আৰু এই জ্ঞান (ভক্তিমূলক মাৰ্গ) সমগ্ৰ বিশ্বতে চলিব। কেৱল এটাই আইন থাকিব, কোনেও দূঃখী নাথাকিব, বিশ্বত সম্পূৰ্ণ শান্তিয়ে বিৰাজ কৰিব। যিসকলে বিৰোধ কৰিব শেষত তেওঁলোকেও অনুতাপ কৰিব আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ তত্ত্ব জ্ঞান স্বীকাৰ কৰিবলৈ বাধ্য হ’ব লগতে সকলো মানৱ সমাজে মানৱ ধৰ্ম গ্ৰহণ কৰি পূৰ্ণমোক্ষ প্ৰাপ্ত কৰিব আৰু সত্যলোকলৈ যাব।
সন্ত গৰিবদাসদেৱ (ছোড়ানী, জিলা ঝজ্জৰ, হাৰিয়ানা) এইটো প্ৰমাণ দিছে যে – সৎগুৰু দিল্লী মণ্ডল মে আয়েগা।
”গৰীব, সৎগুৰু দিল্লী মণ্ডল আয়সী, সুতী ধৰণী সুম জগায়সী“ ।
পৰমাত্মাৰ ভক্তিত কৃপণালি কৰা ব্যক্তিক জাগ্ৰত কৰিব। ধনানা গাওঁ, জিলা সোনিপত আগতে দিল্লী অঞ্চলৰ অধীনত আছিল। সেয়েহে সন্ত গৰিবদাস মহাৰাজে কৈছে যে – সত্ গুৰু (প্ৰকৃত জ্ঞান জনা সন্ত) দিল্লী মণ্ডললৈ আহিব, তাৰ পিছত আকৌ কৈছে যে- সাহেব কবীৰ তখ্বত খৱাসা, দিল্লী মণ্ডল লীজৈ বাসা।।
ভাৱাৰ্থ:- পৰমাত্মা বন্দী ছৌড় কবীৰ চাহেবে তখত (দৰৱাৰ) খৱাসা (সেৱক) এৰি যাব অৰ্থাৎ পৰমাত্মাৰ দৰৱাৰ দিল্লী মণ্ডলত থাকিব, অৰ্থাৎ তেওঁ তাত উৎপন্ন হ’ব । তেওঁ প্ৰথমে তেওঁৰ হিন্দু ভাতৃসকলক তত্ত্ব জ্ঞানৰ সৈতে পৰিচয় কৰাই দিব আৰু বুদ্ধিমান হিন্দু সকলে এনেদৰে সাৰ পাব যেন কোনোবাই খৰখেদাকৈ জগাই দিছে, অৰ্থাৎ তেওঁলোকে সেই সন্ত জনে প্ৰদান কৰা তত্ত্ব কথা বুজি পাব আৰু অলপো পলম নকৰাকৈ তেওঁৰ শৰণ গ্ৰহণ কৰিব।
ইয়াৰ পিছত গোটেই বিশ্বই সেই হিন্দু সন্ত জনৰ জ্ঞান স্বীকাৰ কৰিব। নষ্ট্ৰাডামাসে ও এই ভৱিষ্যতবাণীটো কৰিছে। নষ্ট্ৰাডামসে আকৌ এইটোও কৈছে যে, মই এইকাৰণে দুখিত যে — তেওঁৰ সৈতে পৰিচিত নোহোৱাৰ বাবে মোৰ শায়ৰণ (তত্ত্ব দৰ্শী সন্ত) অৱহেলা কৰিছিলোঁ। হে বুদ্ধিমান মানৱ! তেওঁক অৱহেলা নকৰিব। সিংহাসনত (আসনত) বহি থকা সেইজনক আকৰ্ষণীয় দেৱতাৰ (ঈষ্ট দেৱ) ৰ ৰূপত পূজা কৰাৰ যোগ্য। তেওঁৱে হৈছে হিন্দু ধৰ্মীয় সন্ত শায়ৰণ আদি পুৰুষ (পূৰ্ণ পৰমাত্মা) আৰু জগতৰ মুক্তি দাতা ।
বন্দী ছৌড় পৰমেশ্বৰ কবীৰ চাহেবে কৈছে যে :-
আচ্ছে দিন পাছৌ গঐ, সত্ গুৰু সে কিয়া না হৈত।
অব পছতাৱা ক্যা কৰে, জব চিড়িয়া চুগ গঈ খেত।।
সকলো মানৱ সমাজলৈ প্ৰাৰ্থনা এয়ে যে পূৰ্ণ সন্ত ৰামপাল গুৰু মহাৰাজ ক সকলোৱে চিনি লওঁক তথা আপুনি আৰু আপোনাৰ নিজৰ পৰিয়ালৰ কল্যাণ কৰাঁওক। পূৰ্ণ মুক্তিৰ বাবে আপোনাৰ আত্মীয় আৰু বন্ধুবৰ্গকো অৱগত কৰাওক। এইয়াই সোণালী যুগৰ আৰম্ভ হৈছে। লাখ লাখ পূণ্যাত্মাই তত্ত্ব দৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজক চিনি লৈ প্ৰকৃত সত্য ভক্তি কৰি আছে, তেওঁলোক অতি সুখী হৈছে। তেওঁলোকে সকলো বিকাৰ এৰি এটা পৰিষ্কাৰ নিৰ্মল জীৱন জীয়াই আছে।